Friday 6 September 2013

আকৌ তোমাৰ প্ৰেমত

নিস্তব্ধ সপোন বোৰ উজাই আহিছে
বুকুৰ গোপনীয়তা লৈ
জীৱন গতি কৰিছে
প্ৰেম বুকুত বান্ধি
মৃত্যুৰ পথলৈ,
প্ৰেম আৰু মৃত্যুৰ একেটাই বাট
বিষাদ আৰু য্ন্ত্ৰনাৰে আগুৱাব লাগে
প্ৰেম মানেইটো জীৱ্নৰ পাৰঘাট |
আকৌ তোমাৰ প্ৰেমত
যি কলেজীয়া জীৱনৰ
প্ৰথম ভাললগা আছিল,
তুমি বুজিলে সুখী হ‘লো হেতেন
মোৰ মৰম ভালপোৱাক
হয়তো আকৌ এবাৰ তোমাৰ
প্ৰেমত পৰাৰ হাবিয়াস ||

আকৌ প্ৰেমত পৰিম

কিমান বিশাল হ‘লে
প্ৰেম স্থায়ী হয়,
আকৌ কবিতা লিখিম
হেৰাই যাম শব্দত
ময়ো নাজানো
কিমান বিশাল হ‘লে
য্ন্ত্ৰনা উপচা বুকুত
চকুপানী নামে,
ময়ো নুবুজিলো
বিশাল প্ৰেম,মিছা ভালপোৱা,
যাৰ বাবেই হয়তো
মোৰ হৃদয়ৰ বালিচৰত লিখিলে
বিশ্বাসঘাটকতাৰ এক বুৰঞ্জী,
সকলো বোৰ নহোৱা কৰি
আকৌ প্ৰেমত পৰিম
এক সফল প্ৰেম
যদি হয় কোনোবা মোৰ প্ৰেয়সী ,
প্ৰেমত পৰিমেই পৰিম
জীৱন অথবা
এগৰাকী গাভৰুৰ
যি মোৰ দগ্ধ হৃদয়ত
লগাই দিব
কেলিবাৰৰ ভাস্কৰ্য
হৈ পৰিম এক
বিলাসী প্ৰেমিক ||

Friday 12 July 2013

সপোন ভাগে লাহে লাহে

নিস্তব্ধ নিশা জোনাকী পৰুৱাৰ বুকুত
সাজো সপোনৰ কাৰেংঘৰ,
শৰত্‍ আহিলে
সপোন বোৰ গতি কৰে
শেৱালীৰ বুকুলৈ
নিয়ৰ বোৰ উছুপি উঠে |
আঘোনৰ সোনোৱালী দিনত
সপোন বোৰ হৈ উঠে সোনালী,
ফাগুনৰ পচোৱা বতাহে
উৰুৱাই লৈ যায়
সপোন বোৰ বহু দূৰলৈ
পলাশৰ বুকুত সপোন গুজি
ৰঙীণ কৰি তোলে
মন আকাশৰ কৃষ্ণচূড়া |
সপোন বোৰ ভাগে
লাহে লাহে,
সংঘাত আৰু প্ৰতাৰনাত
থমকি ৰয় অৰ্থৰ বাবে
পাই হেৰুৱাই উচুপে হৃদয়
সপোন ভগাৰ যন্ত্ৰনাত ||

Friday 14 June 2013

তোমাৰ বাবেই এটি কবিতাৰ ঠিকনা

এটি সপোন,এটি আশা
তুমি সলাই দিলা
জীৱনৰ সংজ্ঞা
পান কৰালা প্ৰেমৰ মদিৰা
যাতনাৰ অশ্ৰুৰে
পাহৰাই পেলালা
কবিতাৰ ঠিকনা
বিভ্ৰান্ত কৰি
হৃদয়ৰ মগজু
মাথো চাৰিওফালে মৰিচিকা
সজীৱ কৰি ৰাখিছো
এটি কবিতাৰ ঠিকনা
তোমাৰ নামত ||

কথা পাতি থাকোতে ছোৱালী জনী

কথা পাতি থাকোতেই ছোৱালী জনী
হৈ পৰে ফাগুনৰ পলাশৰ দৰে
কাণফুলিৰ ৰুনুক জুনুক শব্দত
পাগলৰ দৰে হৈ পৰে
চৌপাশৰ পৰিবেশ
মাত কঢ়িয়াই অনা
বতাহ জাক হৈ পৰে
উন্মাদ,
তাই কথা বোৰ কৈ থাকে
পনিয়ল বৰনীয়া ওঁঠ
হৈ পৰে চঞ্চলৰ দৰে,
মোবাইলটি হৈ পৰে
আত্মবিশ্বাসী
মৌনতাই আগছি ধৰে
যেতিয়া মাক আহে
তাইৰ ওচৰলৈ
আশা বোৰ বাঢ়ি গৈ থাকে
কৈ যায়
সপোন বোৰৰ কথা
জীৱনৰ অংকবোৰৰ কথা
প্ৰেম আৰু ভালপোৱাৰ কথাৰে |
সংঘাতৰ কথা ক‘লে
তেওঁ উচুপি উঠে
নিৰৱতা বোৰ উজাই আহে
নিশাৰ গভীৰতালৈ
মোবাইল পৰি ৰয় একাষে
বগাই যায় সপোনৰ জখলা
নিৰৱে নিশব্দে
নিশাৰ নিৰৱতা ভংগ কৰে
এজাক কোমল ৰ‘দালিয়ে |
সচাকৈ,
কথা পাতি থাকোতে ছোৱালী জনীক
বহুত ভাল লাগে ||

Saturday 1 June 2013

** শৰত্‍ **

কহুৱা বন দেখিলে
উফন্দি উঠে মন
বতাহত,নাছি বাগি
শৰত্‍ অহাৰ বাতৰি দিলে
কহুৱা জাকে
শেৱালীয়ে সেউজীয়া দলিচাত আকে
শৰত্‍ত ছবি
ৰাতিপুৱাৰ কোমল ৰ‘দত
মুকুতাৰ নিছিনা দেখি
শৰত্‍ৰ নিয়ৰৰ টোপালক |

মোৰ প্ৰেমত পৰিবৰ মন
শৰত্‍ৰ প্ৰেমত আনকি ধুনীয়া ছোৱালীৰ প্ৰেমতো
আমি শৰত্‍ৰ বুকুত ঘৰ সাজিম
শেৱালীৰ দৰে শুভ্ৰ হব ঘৰ
সাৰদীয় জোনাকৰ দৰে
উজ্জ্বল হব
আমাৰ মন চঞ্চল হব কহুৱাৰ দৰে
নিয়ৰেও আমাক জনাব আদৰনি
কিন্তু সপোন ফলিব কেতিয়া ?
ফাগুনৰ ৰঙা পলাশৰ দৰে
হব মোৰ সপোন
মনক খুন্দিয়াই,
পচোৱা বতাহে উৰুৱাই নিব
মোৰ সপোনক বহু দুৰলৈ
আকৌ,আহিব শৰত্‍
কহুৱা জাক হব চঞ্চলা
শেৱা্লীয়ে আকিব শৰত্‍ৰ চিত্ৰ

মোৰ মনত গজি উঠিব
এক প্ৰেমৰ সপোন

শৰত্‍ সচাঁকৈ তুমি প্ৰকৃতিৰ ৰানী
প্ৰেমৰ ঋতু  ||.

*** তুমি আহিবা ***

তুমি আহিবা
তুমি নাহিলে
কলেজৰ সুন্দৰতাই বা ক‘ত
চঞ্চলতাত বুৰ নাযায়
কলেজৰ বুকু
মৌন হৈ পৰে
মোৰ হৃদয়
তোমাক পাই
নেদেখাৰ বেদনাত
দুই নয়নৰ মাজেৰে
বৈ আহে দুধাৰী অশ্ৰু
আশাৰ দিনতো চলে
নিৰাশাৰ অবাধ চলন
তুমি আহিবাতো
নাহিবাই বা কিয় ?
তুমিও তো বুজা
মোৰ হৃদয়ৰ বেথা ||

Friday 3 May 2013

ক্লাছ কৰি থাকোতে ছোৱালী জনী


ক্লাছ কৰি থাকোতে ছোৱালী জনী
হৈ উঠে উন্মাদ আৰু অভিমানী
মেম হতে নোটবোৰ
দি গৈ থাকে গৈ থাকে,
শব্দৰ সৈতে তাইৰো বাঢ়ি গৈ থাকে
সপোনৰ সেই লক্ষ্য লৈ
চকুযুৰি হৈ উঠে আত্মাভিমানী
অলপ চঞ্চল হয়,
যেতিয়া তাইৰ বানান ভুল হয়
আৰু বিচৰন কৰে তাইৰ
কাজল লগোৱা হৰিনী নয়না দুটি
কাষৰ বান্ধৱী জনৰ বহীত
লিখি লিখি বিৰক্ত হ‘লে
এবাৰ চাই ৰয়
বাহিৰত আড্ডা দি থকা সেই
সপোনৰ ৰজকোঁৱৰলৈ,
এটি সুন্দৰ বেকা চাৱনিৰে ||

তুমি কি কৰিবা


মই তোমাৰ প্ৰেমত
পৰিমে পৰিম
তুমি কি কৰিবা ?
তোমাৰ বেকা চাৱনিৰে
মই আকিম সেউজীয়া প্ৰেমৰ চিত্ৰ
সোনাৰুৰ হালধীয়া হাহি
তোমাৰ বুকুত গুজি দিম,
তোমাৰ পনিয়ল বৰনীয়া ওঁঠ
য‘ত থাকে গুলপীয়া হাহি |
তোমাৰ প্ৰতিটো খোজতেই যেন
উন্মনা হৈ উঠে প্ৰকৃতি,
বৰষুন জাকত তোমাৰ সৈতে
একেলগে তিতিম
সপোন বোৰ তোমাক কৈ যাম
তুমি শুনি যাবা
চিপ চিপ বৰষুনৰ তালে তালে |
প্ৰতিটো অংগৰ লয়লাসে
জগাই তোলে মোৰ মন মগজু |
তুমি কি কৰিবা
তোমাৰ প্ৰেমতো মই এতিয়াও
চলাই গৈছো বঠাহীন নাওঁ ||

Wednesday 24 April 2013

কৃষ্ণচূড়া


কৃষ্ণচূড়াৰ খিলখিল হাঁহিত
কপি উঠিছে মন
বলিয়া হৈ উঠিছে
প্ৰতিটো পল
ব্যস্ততা বোৰে পাহৰাই পেলাই
কৃষ্ণচূড়াৰ ৰঙীণ হাঁহিবোৰ
যন্ত্ৰনা বোৰে বিভ্ৰান্ত কৰে
হৃদয়ৰ মগজু |
কৃষ্ণচূড়াৰ ছাঁ ত গৰজি উঠা প্ৰেমে
নিৰীহ ভাৱে শিকাই
বিশ্বাসঘাটকতাৰ পাঠ |
আশা বোৰ ৰৈ থাকে
ৰঙীণ হৈ,
হৃদয়ৰ বুকুত..
নিৰৱে নিশব্দে |
সপোন বোৰ উজাই যায়
ৰঙীন জীৱনৰ পৰা
বেদনা ক্লিষ্ট জীৱনলৈ
থাকে চিৰদিন
যন্ত্ৰনাৰ সৈতে ৰৈ |
উপস্থাপক- দীপজ্যৌতি শৰ্মা

Saturday 23 March 2013

সেই ছোৱালী জনী

তোমালোক ধুনীয়া
ধুনীয়া বাবেইটো
চকুত আহিছে
অভিমানী কাজলৰ বৰষুণ
তুমি জোনাক হোৱা
মই সুখী হম |
তুমি যদি যান্ত্ৰিক আৰু অপদাৰ্থ নহয়
দেহৰ কাপোৰ বোৰে
কঢ়িয়াই নানিলে অশ্লীলতা
মই হব পাৰিম তোমাৰ
বিলাসী প্ৰেমিক |
কাৰন মই নগ্নতাক
ঘিন কৰো |
আৰু বেয়া পাও
যি বোৰ ছোৱালীয়ে
নিৰ্যাতন বন্ধ কৰিবলৈ
ধৰ্ণা অথবা শ্লোগানেৰে
উত্তাল কৰি তোলে
ব্ৰেকিং নিউজ বোৰ
তেওঁলোকৰ অধিকাংশৰ অভিজাত্য দেহতেই
ওলমি থাকে
নগ্নতাৰ সেই পোচাক |
যি দেহ বোৰে দেখুৱাই
দেহ লিখি ফুৰে
“আই এম বিউটিফুল” ||