Friday, 14 June 2013

কথা পাতি থাকোতে ছোৱালী জনী

কথা পাতি থাকোতেই ছোৱালী জনী
হৈ পৰে ফাগুনৰ পলাশৰ দৰে
কাণফুলিৰ ৰুনুক জুনুক শব্দত
পাগলৰ দৰে হৈ পৰে
চৌপাশৰ পৰিবেশ
মাত কঢ়িয়াই অনা
বতাহ জাক হৈ পৰে
উন্মাদ,
তাই কথা বোৰ কৈ থাকে
পনিয়ল বৰনীয়া ওঁঠ
হৈ পৰে চঞ্চলৰ দৰে,
মোবাইলটি হৈ পৰে
আত্মবিশ্বাসী
মৌনতাই আগছি ধৰে
যেতিয়া মাক আহে
তাইৰ ওচৰলৈ
আশা বোৰ বাঢ়ি গৈ থাকে
কৈ যায়
সপোন বোৰৰ কথা
জীৱনৰ অংকবোৰৰ কথা
প্ৰেম আৰু ভালপোৱাৰ কথাৰে |
সংঘাতৰ কথা ক‘লে
তেওঁ উচুপি উঠে
নিৰৱতা বোৰ উজাই আহে
নিশাৰ গভীৰতালৈ
মোবাইল পৰি ৰয় একাষে
বগাই যায় সপোনৰ জখলা
নিৰৱে নিশব্দে
নিশাৰ নিৰৱতা ভংগ কৰে
এজাক কোমল ৰ‘দালিয়ে |
সচাকৈ,
কথা পাতি থাকোতে ছোৱালী জনীক
বহুত ভাল লাগে ||

No comments:

Post a Comment