Friday, 12 July 2013

সপোন ভাগে লাহে লাহে

নিস্তব্ধ নিশা জোনাকী পৰুৱাৰ বুকুত
সাজো সপোনৰ কাৰেংঘৰ,
শৰত্‍ আহিলে
সপোন বোৰ গতি কৰে
শেৱালীৰ বুকুলৈ
নিয়ৰ বোৰ উছুপি উঠে |
আঘোনৰ সোনোৱালী দিনত
সপোন বোৰ হৈ উঠে সোনালী,
ফাগুনৰ পচোৱা বতাহে
উৰুৱাই লৈ যায়
সপোন বোৰ বহু দূৰলৈ
পলাশৰ বুকুত সপোন গুজি
ৰঙীণ কৰি তোলে
মন আকাশৰ কৃষ্ণচূড়া |
সপোন বোৰ ভাগে
লাহে লাহে,
সংঘাত আৰু প্ৰতাৰনাত
থমকি ৰয় অৰ্থৰ বাবে
পাই হেৰুৱাই উচুপে হৃদয়
সপোন ভগাৰ যন্ত্ৰনাত ||

2 comments:

  1. সুন্দৰ কবিতা।আগলৈও আশা কৰিলো।

    ReplyDelete
  2. সাহিত্য, কথাশিল্প, চিন্তাশিল্প, ছন্দশিল্প, নিৱন্ধ, প্ৰবন্ধ, অনুভৱ আদি পঢ়িৱলৈ ইয়াত Click কৰক

    ReplyDelete