Monday 10 September 2012

এবাৰ কোৱা ভালপাওঁ বুলি

এবাৰ কোৱা ভালপাওঁ বুলি

তোমাক মোৰ মনৰ কথা কবলৈ
দাপোনৰ আগত সদায় অনুশীলন.....
ৰাতি বাৰ বজাত চিঠি লিখিব লৈ
মৰমৰ তুমি লিখি থমকি ৰওঁ....
কেনেকৈ কওঁ তোমাক মনৰ কথা.....
তাকে ভাবি পাৰ হয় উজাগৰ ৰাতি.....
শৰত্‍ৰ জোনবাইৰ ধুনীয়া হাহিঁত
ভাহিঁ উঠিল তোমাৰ ৰঙচুৱা গাল....

আভিমান কৰিলে তোমাক বৰ ধুনীয়া লাগে
মই তোমাৰ অভিমানৰ পুখুৰীত
বৰশী বাই ধৰিব মন তোমাৰ কুমলীয়া
মনৰ দৰিকণা........................
মই তোমাৰ কথাত ভাগৰুৱা....
জিৰাবলৈ দিবানে তোমাৰ মনৰ
প্ৰেমৰ পজাঁঘৰ......ত
মোৰ প্ৰেমৰ তৃষ্ণা দুৰ কৰিবলৈ
দিবানে তোমাৰ আভিমানৰ পুখুৰীৰ পানী....
তোমাৰ সপোনে মোৰ বুকুত বিন্ধে
বৰ বেয়াকৈ........
তোমাৰ হাহিঁত মই বিচাৰি পাও
মোৰ মনক.......
তুমি মোৰ পৰা কি বিছাৰা
প্ৰেমৰ উপহাৰ......
চকলেট......আইচক্ৰিম......নে এপাহি গোলাপ ফুল...
প্লিজ মোক না নকবা.....
না ক‘লে কি হব.....
এৰাতি মদ খাম........
চিগাৰেটৰ ধোৱাৰ দৰে উৰি যাব দুখ....
এদিন তুমিও পষ্টাব........মোৰ বুকুৰ ৰক্তজ বা চিঙি
যোৱাৰ দুখত..........
প্লিজ এবাৰ ভালপাওঁ বুলি কোৱা.....

No comments:

Post a Comment