Thursday 15 November 2012

তোমাৰ বাবে অপেক্ষা


তোমাৰ বাবে অপেক্ষা
মোৰ মৌন হৃদয়ৰ
দুহাতত চেচা বতাহ জাক
দুচকুত অকলশৰীয়াৰ চকুলো
এই সকলো বোৰ
তোমাৰ বাবেই
তুমি কিয় নুবুজা
বাৰে বাৰে

তোমাৰ যৌৱনে মোক
কিয় আমনি কৰে
তোমাক বিছাৰি
নপোৱাৰ বেদনাই
আজিও চকুলো টুকে,
তুমি বাৰু নুবুজা কিয়
এবাৰটো ভালপোৱা কোৱা
এবাৰ মোৰ দুচকু
চাই ৰোৱা...||

No comments:

Post a Comment