Friday 14 December 2012

শূন্য : মাথো শূন্য



শূন্যৰ পৃথিবীত মোৰ
মায়াময় খোজ
চাৰিওফালে শূন্য
মোৰ হৃদয় শূন্য
মন শূন্য,অতীত শূন্য
শূন্য মোৰ ভবিষ্যত ও
জীৱন যুঁজৰ বাবে
কৰা চেষ্টাও
আজি,শূন্যৰ বুকুত
ভাগ্য আৰু কপালক পঢ়ি
আজি শূন্যহে দুকাষে
নালাগে মোক আৰু
শূন্য জীৱন
নালাগে মোক
শূন্যৰ পৃথিৱী
জোনাক বিহীন জীৱন
যেন অমাৱশ্যাৰ ৰাতি
চাওক চোন
জীৱনৰ দুখক
সুখেৰে হৰন কৰিলেচোন
ভাগফল শূন্যহে হয়
মাথো শূন্য আজি
মোৰ দুহাতত ||

দীপজ্যৌতি শৰ্মা
2/১২/১২

No comments:

Post a Comment