Sunday 23 December 2012

অপেক্ষাত



কলেজৰ গেটত
তোমাৰ অপেক্ষাত
পাৰ হয় মৌন গধূলি
তোমাৰ কাজলা সনা দুচকুৰ
অভিমানী চাৱনীয়ে
আজিওঁ জগাই তুলিলে
আশাৰ পাপৰি
তোমাক ভালপোৱাৰ আশা
তুমি জানো নিলিখা
ভালপোৱাৰ বুৰঞ্জী
তুমি মুখমণ্ডলত
নাই কোনো প্ৰেমৰ ভাষা
তোমাৰ আভিমানী চাৱনীয়ে
দি যায় প্ৰেমৰ ঠিকনা...
তুমি মোৰ জীৱন আনন্দৰ
অভিমানী ছোৱালীজনী
এতিয়া,ৰৈ আছো আহা
তোমাৰ অপেক্ষাত....|
দীপজ্যৌতি শৰ্মা|

No comments:

Post a Comment