Friday 4 January 2013

বহুদিনৰ মূৰত


বহু দিনৰ মূৰত
তোক দেখি
ফুলি উঠিল মোৰ
মনৰ কৃষ্ণচূড়া
মনত গজি উঠিছিল
পাহৰনিৰ ফুল পাহ..
ৰঙা সেই পলাশ ফুল বোৰ
আছে নে বাৰু
তোৰ মনত ?
বহুদিনৰ মূৰত
আকৌ মন পেলাই দিলো
তোৰ প্ৰেয়সীৰ
জন্মদিনৰ কথা...
বহু দিনৰ মূৰত লগ পালো টো
সময় নাই নেকি তোৰ ?
চাহ একাপ খাবলৈ
তোৰ মনত আছেনে
গদাৰ দোকানৰ
সেই চাহকাপৰ কথা
বাদ দে আজি..
আকৌ বহুদিনৰ মূৰত
লগ পোৱাৰ আশাৰে...
উপস্থাপক- দীপ জ্যৌতি শৰ্মা

No comments:

Post a Comment