Friday 11 January 2013

দিব পাৰিবানে .......

.... দিব পাৰিবানে .......

তুমি মোক ভালপোৱা
তেতিয়া হ‘লে
লগাব পাৰিবা
মোৰ কুষ্ঠ লগা দুহাতত
কেলিবাৰৰ ভা্স্কৰ্য্য
তোমাৰ মেঘ বৰনীয়া
চুলিৰ মাজত
লুকুৱাই থব পাৰিবা
মোৰ দুখৰ দিন
তুমি দিব পাৰিবা
অকলশৰীয়া সময় বোৰত
সুখৰ ছবি আকি
যদি নোৱাৰা
নাহিবা
তোমাৰ সেউজীয়া হৃদয়ত
কলা ডাগ পেলাবলৈ..
এবাৰ ভাবিচোৱা
দিব পাৰা যদি
সাবটি লোৱা
মোৰ কুষ্ঠলগা দুহাত...
দীপ জ্যৌতি শৰ্মা

১১-০১-১৩

No comments:

Post a Comment