Friday 8 March 2013

মইআজি ভালপোৱাৰ অনুশীলন কৰিলো

মই আজি ভালপোৱাৰ অনুশীলন কৰিলো
কলেজৰ চাইকেল ষ্টেণ্ডত নহয়
সৌ তাত,
য‘ত লিখা আছে
প্ৰেমহীন প্ৰেমৰ কবিতা
য‘ত আৰি থোৱা আছে
আভিমানৰ মুদ্ৰা
আৰু আছে
মোৰ দৰে ব্যৰ্থ প্ৰেমিক বোৰে
বিষাদ বোৰ পেলাব পৰা
এটি সুকীয়া ডাষ্টবিন
আহিবা এদিন তালৈ
চাই যাবা
ব্যৰ্থ প্ৰেমিক বোৰৰ
মাতাল সন্ধিয়া
আৰু প্ৰেমক বিপ্লৱ বুলি ভবা
চিগাৰেটৰ ধোৱাৰে আকাশ
সাজি সাজি ভাগৰি পৰা
সেই প্ৰেমিক বন্ধু বোৰ
যি বোৰৰ বাবে
ধুনীয়া ছোৱালী বোৰ
এটা এটা সপোন ||

লিখক- দীপজ্যৌতি শৰ্মা

No comments:

Post a Comment