Tuesday 5 March 2013

তুমি ভাল নপোৱা বুলি জানিওঁ

তুমি মোক ভাল নপোৱা বুলি জানিওঁ
তোমাৰ প্ৰেমত পৰি যাও
তোমাৰ দুচকুৰ
চাৱনিয়ে জগাই তোলে মোৰ
প্ৰেম সাগৰৰ ছুনামি
তথাপিওঁ মৌন মোৰ হৃদয়
তোমাক বহুদিন নেদেখাৰ বাবে
কলেজ কেম্পাছ,
আৰু ডিপাৰ্টমেণ্টৰ সন্মুখত |
ভাল লাগে তোমাৰ
ঢৌ ময় চুলি
য‘ত লাগি আছে
অভিমানৰ মুদ্ৰা
ধুনীয়া বাবেই তোমাৰ মুখত বিৰিঙিছে
হাঁহিৰ মুদ্ৰা
জিলিকি উঠিছে
পনিয়ল বৰনীয়া ওঁঠ
ভাল লাগে বাবেইটো
তোমাৰ প্ৰেমত চলাইচো
বঠাহীন নাওঁ
সম্ভৱ হ‘লে ভালপাই চাবা
বুকুত কি যাবা
নিভাজ প্ৰেমৰ চিত্ৰ ||

6 comments: