Sunday 3 March 2013

অংক

অংক কৰি কৰি
ভাগৰি পৰিছো
কিয় বাৰু উত্তৰ নাই ?
মই নিশ্চিত
কৰবাত ভূলৰ কলি ওলাইছে
ভূল বাৰু কাৰ ঘৰত
যোগ ঘৰত, নে বিয়োগৰ
নে হৰন আৰু পূৰণৰ ঘৰত |
কিন্তু কি কৰিম
উত্তৰ আশাতেইতো ৰৈ আছো
এই জীৱন নামৰ অংকটিৰ
সমাধাণ কৰি |
দুখে বাৰু আউল লগালে
সুখ এতিয়াও বাকীতেই আছে
কিন্তু চেষ্টা,ইয়ো এতিয়া শূন্যৰ বুকুত
আশাবোৰ ৰৈ আছে
হৃদয়ৰ বুকুত...
আৰু চিন্তা বোৰ
আছে জীৱন সজাবলে
আৰু কৃতকাৰ্যতাৰ পথত
আগুৱাই নিবলে |
মই সমাধন কৰিবলৈ সাজু
জীৱন নামৰ এই জটিল অংকটি ||

No comments:

Post a Comment