Friday 22 February 2013

মই

শব্দৰ সৈতে খেলি খেলি
ভাগৰি পৰা
মই দীপ জ্যৌতি শৰ্মা
প্ৰেমৰ বুকুত
শূণ্যতাই খেদি ফুৰা
হতাশ গ্ৰস্ত প্ৰেমিক
হয়,কহুৱা মোৰ মন
জোনাকৰ বুকুত
মই সাজো
সপোনৰ কৰেংঘৰ
জীৱন নামৰ অংকটোত
মোৰ কৰবাত ভূল হৈছে
সেইটো খাটাং
নহ‘লে বাৰু দুখবোৰ
কিয় সুখ নহয় ?
আশা বোৰ কিয়
নিৰাশা হৈ ৰয় ?
মোৰ মন আছিল
প্ৰেমৰ নৈত সাতুৰিবলৈ
কিন্তু ক‘ত ?
আশা, আশা হৈয়ে ৰ‘ল
মই, মই হৈ
আৰু বিশ্বাস বোৰ
বিশ্বাসঘাটকতা হ‘ল ?


No comments:

Post a Comment