হৃদয়ৰ বুজা নুবুজা অনুভৱ বোৰ শব্দৰে মায়াজালত বন্দী কৰি বিচাৰো জীৱনৰ সুখ কণ..
Friday, 8 March 2013
Tuesday, 5 March 2013
তুমি ভাল নপোৱা বুলি জানিওঁ
তুমি মোক ভাল নপোৱা বুলি জানিওঁ
তোমাৰ প্ৰেমত পৰি যাও
তোমাৰ দুচকুৰ
চাৱনিয়ে জগাই তোলে মোৰ
প্ৰেম সাগৰৰ ছুনামি
তথাপিওঁ মৌন মোৰ হৃদয়
তোমাক বহুদিন নেদেখাৰ বাবে
কলেজ কেম্পাছ,
আৰু ডিপাৰ্টমেণ্টৰ সন্মুখত |
ভাল লাগে তোমাৰ
ঢৌ ময় চুলি
য‘ত লাগি আছে
অভিমানৰ মুদ্ৰা
ধুনীয়া বাবেই তোমাৰ মুখত বিৰিঙিছে
হাঁহিৰ মুদ্ৰা
জিলিকি উঠিছে
পনিয়ল বৰনীয়া ওঁঠ
ভাল লাগে বাবেইটো
তোমাৰ প্ৰেমত চলাইচো
বঠাহীন নাওঁ
সম্ভৱ হ‘লে ভালপাই চাবা
বুকুত কি যাবা
নিভাজ প্ৰেমৰ চিত্ৰ ||
তোমাৰ প্ৰেমত পৰি যাও
তোমাৰ দুচকুৰ
চাৱনিয়ে জগাই তোলে মোৰ
প্ৰেম সাগৰৰ ছুনামি
তথাপিওঁ মৌন মোৰ হৃদয়
তোমাক বহুদিন নেদেখাৰ বাবে
কলেজ কেম্পাছ,
আৰু ডিপাৰ্টমেণ্টৰ সন্মুখত |
ভাল লাগে তোমাৰ
ঢৌ ময় চুলি
য‘ত লাগি আছে
অভিমানৰ মুদ্ৰা
ধুনীয়া বাবেই তোমাৰ মুখত বিৰিঙিছে
হাঁহিৰ মুদ্ৰা
জিলিকি উঠিছে
পনিয়ল বৰনীয়া ওঁঠ
ভাল লাগে বাবেইটো
তোমাৰ প্ৰেমত চলাইচো
বঠাহীন নাওঁ
সম্ভৱ হ‘লে ভালপাই চাবা
বুকুত কি যাবা
নিভাজ প্ৰেমৰ চিত্ৰ ||
Sunday, 3 March 2013
অংক
অংক কৰি কৰি
ভাগৰি পৰিছো
কিয় বাৰু উত্তৰ নাই ?
মই নিশ্চিত
কৰবাত ভূলৰ কলি ওলাইছে
ভূল বাৰু কাৰ ঘৰত
যোগ ঘৰত, নে বিয়োগৰ
নে হৰন আৰু পূৰণৰ ঘৰত |
কিন্তু কি কৰিম
উত্তৰ আশাতেইতো ৰৈ আছো
এই জীৱন নামৰ অংকটিৰ
সমাধাণ কৰি |
দুখে বাৰু আউল লগালে
সুখ এতিয়াও বাকীতেই আছে
কিন্তু চেষ্টা,ইয়ো এতিয়া শূন্যৰ বুকুত
আশাবোৰ ৰৈ আছে
হৃদয়ৰ বুকুত...
আৰু চিন্তা বোৰ
আছে জীৱন সজাবলে
আৰু কৃতকাৰ্যতাৰ পথত
আগুৱাই নিবলে |
মই সমাধন কৰিবলৈ সাজু
জীৱন নামৰ এই জটিল অংকটি ||
Friday, 22 February 2013
মই
শব্দৰ সৈতে খেলি খেলি
ভাগৰি পৰা
মই দীপ জ্যৌতি শৰ্মা
প্ৰেমৰ বুকুত
শূণ্যতাই খেদি ফুৰা
হতাশ গ্ৰস্ত প্ৰেমিক
হয়,কহুৱা মোৰ মন
জোনাকৰ বুকুত
মই সাজো
সপোনৰ কৰেংঘৰ
জীৱন নামৰ অংকটোত
মোৰ কৰবাত ভূল হৈছে
সেইটো খাটাং
নহ‘লে বাৰু দুখবোৰ
কিয় সুখ নহয় ?
আশা বোৰ কিয়
নিৰাশা হৈ ৰয় ?
মোৰ মন আছিল
প্ৰেমৰ নৈত সাতুৰিবলৈ
কিন্তু ক‘ত ?
আশা, আশা হৈয়ে ৰ‘ল
মই, মই হৈ
আৰু বিশ্বাস বোৰ
বিশ্বাসঘাটকতা হ‘ল ?
ভাগৰি পৰা
মই দীপ জ্যৌতি শৰ্মা
প্ৰেমৰ বুকুত
শূণ্যতাই খেদি ফুৰা
হতাশ গ্ৰস্ত প্ৰেমিক
হয়,কহুৱা মোৰ মন
জোনাকৰ বুকুত
মই সাজো
সপোনৰ কৰেংঘৰ
জীৱন নামৰ অংকটোত
মোৰ কৰবাত ভূল হৈছে
সেইটো খাটাং
নহ‘লে বাৰু দুখবোৰ
কিয় সুখ নহয় ?
আশা বোৰ কিয়
নিৰাশা হৈ ৰয় ?
মোৰ মন আছিল
প্ৰেমৰ নৈত সাতুৰিবলৈ
কিন্তু ক‘ত ?
আশা, আশা হৈয়ে ৰ‘ল
মই, মই হৈ
আৰু বিশ্বাস বোৰ
বিশ্বাসঘাটকতা হ‘ল ?
Thursday, 7 February 2013
তুমি অনলাইন হবা বুলিয়ে
মই ভ্ৰমী ফুৰিছো
ফেচবুকৰ বাকৰিত
তোমৰ হৃদয়,
তুমি অনলাইন হবা বুলিয়ে
২৪ ঘন্টা ফেচবুকত
তোমাৰ অপেক্ষাত
তুমি অনলাইন হ‘লে
মোৰ মনত ফুলি উঠে
এপাহ ৰঙা গোলাপ
কিন্ত,হঠাত্ মৰহী যায়
তুমি কথা নাপাতিলে
প্লিজ,তুমি এবাৰ কথা
পাতি চোৱা মোৰ
সেউজীয়া হৃদয়ৰ লগত
তোমাক লগ পাওঁ
সদায় আবেলি
তথাপিওঁ কব পৰা
নাই তোমাক
মোৰ হৃদয়ৰ কা্হিনী
সেয়ে,সদায় ফেচবুকত
মোৰ বুকুৰ কথা কবলৈ
তোমাৰ অপেক্ষাত
মাত্ৰ এবাৰ সহাৰি জনোৱা
মাত্ৰ এবাৰ |
তুমি অনলাইন হবানে ?
পখিলা
শূণ্যতা খেদি খেদি
ভাগৰি পৰা
মই এটা বিষাদগ্ৰস্ত পখিলা
শূণ্যতাৰ পৃথিৱীত
বিষাদ ফুলৰ
মৌ খোৱা আনন্দ
এজাক ৰঙা নীলা
পখিলা হৈ
মৰো উৰিবৰ মন আছে
মুকলি আকাশৰ তলত
কিন্তু,প্ৰতাৰনাৰ বলি
এই বিষাদ নামৰ
ফুলটিৰ..||
উপস্থাপক- দীপজ্যৌতি শৰ্মা
মিছকল
মাথো,এটা মিছকল
এই মিছকলৰ বাবেই
তোমাৰ ইমান আবেগ
কিয় বাৰু ?
এই মিছকলটিত এ
জৰিত আছে
তোমাৰ ৰঙীন জীৱনৰ সপোন
মিছকল মাথো এটা মিছকল
তুমি কি
মিছকলেৰেই লিখিছা
ভালপোৱাৰ বুৰঞ্জী,
ধন্য তোমাৰ প্ৰেম
ধন্য,তোমাৰ ভালপোৱা
মিছকল,য‘ত তোমাৰ
দেহৰ প্ৰতিটো ভাজৰ
শিহৰণ সংযুক্ত হৈ থাকে ||
উপস্থাপক- দীপজ্যৌতি শৰ্মা
টিহু কলেজৰ তুমি অনামিকা
তুমি টিহু কলেজৰ
অনামিকা কলিতা
অনামিকা তুমি আবিহনে
মৌন হৈ পৰে
কলেজ কেম্পাছ
অসমীয়া ডিপাৰ্টমেন্টৰ
ছোৱালী তুমি
তোমাৰ কথা বোৰতেই
ই প্ৰেমত পৰো...
তুমি বহুদিন পদাৰ্পন কৰা নাই
টিহু কলেজৰ
গাৰ্লছ কমন ৰুমত
তুমি নাহিলে
মৌন হয়
চাইকেল ষ্টেণ্ড
আৰু কলীয়া ডাৱৰে
আবৰি ৰাখে কলেজ
যেন, এজাক বৰষুণ আহিব
অকলশৰীয়া বৰষুণ
য‘ত উছুপি উঠিব
আমাৰ দৰে প্ৰেমিকৰ হৃদয়..
অনামিকা........
ফাগুন আহাৰ দৰে
তুমিও আহিবা কিন্তু
এজাক পছোৱা হৈ
যৌৱন প্ৰাপ্ত হৈ উঠিব কলেজ
তুমি আহিবা কিন্তু
অনামিকা কলিতা
কুশলে আছা টো ||
উপস্থাপক- দীপজ্যৌতি শৰ্মা
Tuesday, 22 January 2013
প্ৰেম,তুমি আহিবা
প্ৰেম,তুমি আহিবা
প্ৰেম,তোমাক বিছাৰি
ভাগৰি পৰিছো
তুমি ইমান দুৰ্লভ
কেতিয়াৰ পৰা হ‘লা
মোক এবাৰ
দেখা কৰা
তোমাৰ সেই
নীলা চেহেৰাটি
মাএ,এবাৰ
তুমি বোলে বৰ্তমান
যৌৱনৰ বুকুত
মই জানো
তুমি আহিবা এদিন
মোৰ সেউজীয়া বুকুত
তোমাৰ ছবি আকিবলে
আহিবা কিন্তু
সময় হ‘লে..
২০/১/১৩
উপস্থাপক- দীপজ্যৌতি শৰ্মা
প্ৰেম,তোমাক বিছাৰি
ভাগৰি পৰিছো
তুমি ইমান দুৰ্লভ
কেতিয়াৰ পৰা হ‘লা
মোক এবাৰ
দেখা কৰা
তোমাৰ সেই
নীলা চেহেৰাটি
মাএ,এবাৰ
তুমি বোলে বৰ্তমান
যৌৱনৰ বুকুত
মই জানো
তুমি আহিবা এদিন
মোৰ সেউজীয়া বুকুত
তোমাৰ ছবি আকিবলে
আহিবা কিন্তু
সময় হ‘লে..
২০/১/১৩
উপস্থাপক- দীপজ্যৌতি শৰ্মা
Friday, 11 January 2013
দিব পাৰিবানে .......
.... দিব পাৰিবানে .......
তুমি মোক ভালপোৱা
তেতিয়া হ‘লে
লগাব পাৰিবা
মোৰ কুষ্ঠ লগা দুহাতত
কেলিবাৰৰ ভা্স্কৰ্য্য
তোমাৰ মেঘ বৰনীয়া
চুলিৰ মাজত
লুকুৱাই থব পাৰিবা
মোৰ দুখৰ দিন
তুমি দিব পাৰিবা
অকলশৰীয়া সময় বোৰত
সুখৰ ছবি আকি
যদি নোৱাৰা
নাহিবা
তোমাৰ সেউজীয়া হৃদয়ত
কলা ডাগ পেলাবলৈ..
এবাৰ ভাবিচোৱা
দিব পাৰা যদি
সাবটি লোৱা
মোৰ কুষ্ঠলগা দুহাত...
দীপ জ্যৌতি শৰ্মা
১১-০১-১৩
Friday, 4 January 2013
বহুদিনৰ মূৰত
বহু দিনৰ মূৰত
তোক দেখি
ফুলি উঠিল মোৰ
মনৰ কৃষ্ণচূড়া
মনত গজি উঠিছিল
পাহৰনিৰ ফুল পাহ..
ৰঙা সেই পলাশ ফুল বোৰ
আছে নে বাৰু
তোৰ মনত ?
বহুদিনৰ মূৰত
আকৌ মন পেলাই দিলো
তোৰ প্ৰেয়সীৰ
জন্মদিনৰ কথা...
বহু দিনৰ মূৰত লগ পালো টো
সময় নাই নেকি তোৰ ?
চাহ একাপ খাবলৈ
তোৰ মনত আছেনে
গদাৰ দোকানৰ
সেই চাহকাপৰ কথা
বাদ দে আজি..
আকৌ বহুদিনৰ মূৰত
লগ পোৱাৰ আশাৰে...
উপস্থাপক- দীপ জ্যৌতি শৰ্মা
Sunday, 23 December 2012
অপেক্ষাত
কলেজৰ গেটত
তোমাৰ অপেক্ষাত
পাৰ হয় মৌন গধূলি
তোমাৰ কাজলা সনা দুচকুৰ
অভিমানী চাৱনীয়ে
আজিওঁ জগাই তুলিলে
আশাৰ পাপৰি
তোমাক ভালপোৱাৰ আশা
তুমি জানো নিলিখা
ভালপোৱাৰ বুৰঞ্জী
তুমি মুখমণ্ডলত
নাই কোনো প্ৰেমৰ ভাষা
তোমাৰ আভিমানী চাৱনীয়ে
দি যায় প্ৰেমৰ ঠিকনা...
তুমি মোৰ জীৱন আনন্দৰ
অভিমানী ছোৱালীজনী
এতিয়া,ৰৈ আছো আহা
তোমাৰ অপেক্ষাত....|
দীপজ্যৌতি শৰ্মা|
Friday, 14 December 2012
**হেল্ল‘ কোন **
হেল্ল‘ কোন
মোৰ মোবাইলত
কাৰ ওঁঠৰ কপনি,
হেল্ল‘ কোন তুমি
তোমাৰ ওঁঠৰ ভাষাই
চিনাকী দিয়ে..
তুমি এগৰাকী চঞ্চলা গাভৰু..
কিয় বাৰু
বিৰক্তিৰ চাদৰেৰে
মেৰিয়ালা মোক....
নিশা বাৰ বজাৰ
ভাইব্ৰেচনত
হিয়াৰ এপাহি গোলাপ
মৰহি গ‘ল,
ও, তুমি সেই
বজাৰত জকোৱা
পল্লবী নহয় জানো...
আৰে আমি বেকাৰ ল‘ৰাবোৰে
ছোৱালী জকোৱাই ভূল...
আৰু কিমাননো গালি দিবা
চাই যোৱা
মোৰ বুকুত
কিমান আছে...
প্ৰেমহীন ৰক্তৰ চেকুৰা
গালিৰ ঠিকনা,
অভদ্ৰামী নকৰিবা !
মোৰ ভাল নালাগে..
আৰে এবাৰটো ভালপায় চোৱা
হাতত টকা নাথাকিলে কি
ভাল পাব নোৱাৰি নেকি ?
এদিন পষ্টাবা,
ভালনপোৱাৰ যন্ত্ৰনাত ?
আৰে কি হ‘ল ?
এবাৰ ভাবি চোৱা
ভালপোৱাৰ ঠিকনা
মাত্ৰ এবাৰ !!!
মেৰিয়ালা মোক....
নিশা বাৰ বজাৰ
ভাইব্ৰেচনত
হিয়াৰ এপাহি গোলাপ
মৰহি গ‘ল,
ও, তুমি সেই
বজাৰত জকোৱা
পল্লবী নহয় জানো...
আৰে আমি বেকাৰ ল‘ৰাবোৰে
ছোৱালী জকোৱাই ভূল...
আৰু কিমাননো গালি দিবা
চাই যোৱা
মোৰ বুকুত
কিমান আছে...
প্ৰেমহীন ৰক্তৰ চেকুৰা
গালিৰ ঠিকনা,
অভদ্ৰামী নকৰিবা !
মোৰ ভাল নালাগে..
আৰে এবাৰটো ভালপায় চোৱা
হাতত টকা নাথাকিলে কি
ভাল পাব নোৱাৰি নেকি ?
এদিন পষ্টাবা,
ভালনপোৱাৰ যন্ত্ৰনাত ?
আৰে কি হ‘ল ?
এবাৰ ভাবি চোৱা
ভালপোৱাৰ ঠিকনা
মাত্ৰ এবাৰ !!!
দীপ জ্যৌতি শৰ্মা
১৪ ডিচেম্বৰ
শূন্য : মাথো শূন্য
শূন্যৰ পৃথিবীত মোৰ
মায়াময় খোজ
চাৰিওফালে শূন্য
মোৰ হৃদয় শূন্য
মন শূন্য,অতীত শূন্য
শূন্য মোৰ ভবিষ্যত ও
জীৱন যুঁজৰ বাবে
কৰা চেষ্টাও
আজি,শূন্যৰ বুকুত
ভাগ্য আৰু কপালক পঢ়ি
আজি শূন্যহে দুকাষে
নালাগে মোক আৰু
শূন্য জীৱন
নালাগে মোক
শূন্যৰ পৃথিৱী
জোনাক বিহীন জীৱন
যেন অমাৱশ্যাৰ ৰাতি
চাওক চোন
জীৱনৰ দুখক
সুখেৰে হৰন কৰিলেচোন
ভাগফল শূন্যহে হয়
মাথো শূন্য আজি
মোৰ দুহাতত ||
দীপজ্যৌতি শৰ্মা
2/১২/১২
ভাগ্য আৰু কপালক পঢ়ি
আজি শূন্যহে দুকাষে
নালাগে মোক আৰু
শূন্য জীৱন
নালাগে মোক
শূন্যৰ পৃথিৱী
জোনাক বিহীন জীৱন
যেন অমাৱশ্যাৰ ৰাতি
চাওক চোন
জীৱনৰ দুখক
সুখেৰে হৰন কৰিলেচোন
ভাগফল শূন্যহে হয়
মাথো শূন্য আজি
মোৰ দুহাতত ||
দীপজ্যৌতি শৰ্মা
2/১২/১২
Thursday, 15 November 2012
তোমাৰ বাবে অপেক্ষা
তোমাৰ বাবে অপেক্ষা
মোৰ মৌন হৃদয়ৰ
দুহাতত চেচা বতাহ জাক
দুচকুত অকলশৰীয়াৰ চকুলো
এই সকলো বোৰ
তোমাৰ বাবেই
তুমি কিয় নুবুজা
বাৰে বাৰে
তোমাৰ যৌৱনে মোক
কিয় আমনি কৰে
তোমাক বিছাৰি
নপোৱাৰ বেদনাই
আজিও চকুলো টুকে,
তুমি বাৰু নুবুজা কিয়
এবাৰটো ভালপোৱা কোৱা
এবাৰ মোৰ দুচকু
চাই ৰোৱা...||
কিয় আমনি কৰে
তোমাক বিছাৰি
নপোৱাৰ বেদনাই
আজিও চকুলো টুকে,
তুমি বাৰু নুবুজা কিয়
এবাৰটো ভালপোৱা কোৱা
এবাৰ মোৰ দুচকু
চাই ৰোৱা...||
Wednesday, 3 October 2012
*****মৃ্ত্যু*****
*****মৃ্ত্যু*****
মই তোমাৰ এদিন হমেই
জন্ম লগ্নতে তুমি মোক
চুক্তিবদ্ধ কৰাইছা
মই তোমাৰ অজন্ম প্ৰেমিক
আজি তুমি নিৰাশ হলেওঁ
মই এদিন তোমাৰ হমেই হম....
মই তোমাক যিদিনা
লগ পাম পৃথিবীৰ বুকুত
মই তোমাৰ এদিন হমেই
জন্ম লগ্নতে তুমি মোক
চুক্তিবদ্ধ কৰাইছা
মই তোমাৰ অজন্ম প্ৰেমিক
আজি তুমি নিৰাশ হলেওঁ
মই এদিন তোমাৰ হমেই হম....
মই তোমাক যিদিনা
লগ পাম পৃথিবীৰ বুকুত
তেতিয়া পৃথিবী এৰি
গুচি যাম বহু দূৰলৈ
মোৰ নিঠৰ দেহ
ছাই হৈ পৃথিবীৰ বুকুত
বিলীন হব ||
গুচি যাম বহু দূৰলৈ
মোৰ নিঠৰ দেহ
ছাই হৈ পৃথিবীৰ বুকুত
বিলীন হব ||
*****মম*****
আন্ধাৰৰ বুকুত পোহৰ সিঁচি
আন্ধাৰৰ নিৰৱতা ভংগ কৰে ই
নিজেই শেষ হৈ যায়
কিন্তু কোনো ভ্ৰুক্ষেপ নাই
স্বাৰ্থহীন ভাৱে বিলাই
তাৰ সুন্দৰ পোহৰ কণ
তই আৰু কিমান জ্বিলিবি
জ্বলি জ্বলি তই নিশেষ হৈ যাবি
তই ইমান কিয় স্বাৰ্থহীন
তোৰ নিচিনা স্বাৰ্থহীন
কিয় নহয় মানব জাতি
তই শিকাই দিবি
মানব জাতিক
তোৰ পোহৰৰ উমেৰে
জীয়াই ৰাখিবি অসমীয়া জাতিক
তই নিজৰ যতন ও ৰাখিবি
তোৰ অস্তিত্ব শেষ হব নিদিবি
তই সঁচাকৈ মহান......
তোৰ নিচিনা স্বাৰ্থহীন
কিয় নহয় মানব জাতি
তই শিকাই দিবি
মানব জাতিক
তোৰ পোহৰৰ উমেৰে
জীয়াই ৰাখিবি অসমীয়া জাতিক
তই নিজৰ যতন ও ৰাখিবি
তোৰ অস্তিত্ব শেষ হব নিদিবি
তই সঁচাকৈ মহান......
সৌ শালিকা দুজনী.......
সৌ শালিকা দুজনীযে
জপিয়াই জপিয়াই
ৰাতিপুৱাৰ নিৰৱতাত
শৰত্ৰ বুকুত
পান কৰিছে অমৃতৰ মৌ কণ
আনন্দত মতলীয়া
শালিকা জনীয়ে হেনো
মোৰ দৰে ভালপায় শৰত্ক
তাৰ হালধীয়া ওঁঠত
বিৰিঙিছে তাৰেই ছবি
শালিকা জনীক দেখিলে
মোৰ মনত পৰে শৈশৱলৈ
গাওঁৰ ধুলিক আপোন
বুলি সাৱটি লৈ
জপিয়াই জপিয়াই
পান কৰিছিলো শৰত্
প্ৰেমৰ মৌ কণ
তেতিয়া মোৰ বাবে
শৰত্ আছিল অচিনাকী
কহুৱা জাক আছিল দুৰ্লভ
কিন্তু,এতিয়া..........
শৰত্ মোৰ অতিকে আপোন
কহুৱা মোৰ মন ||
বিৰিঙিছে তাৰেই ছবি
শালিকা জনীক দেখিলে
মোৰ মনত পৰে শৈশৱলৈ
গাওঁৰ ধুলিক আপোন
বুলি সাৱটি লৈ
জপিয়াই জপিয়াই
পান কৰিছিলো শৰত্
প্ৰেমৰ মৌ কণ
তেতিয়া মোৰ বাবে
শৰত্ আছিল অচিনাকী
কহুৱা জাক আছিল দুৰ্লভ
কিন্তু,এতিয়া..........
শৰত্ মোৰ অতিকে আপোন
কহুৱা মোৰ মন ||
Saturday, 29 September 2012
পদ্মনাথ গোহাঞি বৰুৱাৰ ইটো-সিটো
আগৰ সংখ্যাৰ পৰা..............
চৰকাৰী কাৰণত বৃত্তিৰ ধন নাপালে যদিও মৌজাদাৰ ঘিনাৰামে পুত্ৰক উচ্চ শিক্ষা দিবলৈ পিছ হোঁহকা নাছিল |পিতৃৰ বিষয়ে পদ্মনাথে লিখি গৈছে-“মই বিদ্যোত্সাহী পিতৃ দেউতাৰ আৰ্জিত অৰ্থৰ বৃত্তি দানেৰেহে কলিকতীয়া কলেজত অধ্যয়ন কৰিব লগা হ‘ল | মোৰ উদাৰচিতীয়া পিতৃ দেউতা যদ্যপি ইংৰাজী জনা শিক্ষিত লোক নাছিল,তথাপি প্ৰতি তেখেতৰ অসাধাৰণ ধাউতি থকাৰ হেতুকে মই কলেজীয়া জীৱনত আৰ্থিক অভাবত পৰিব লগা নহৈছিল,তেখেতে মোলৈ মাহেকীয়া জলপাণি ধন পঠিওৱা নিয়মত অকনো হেৰফেৰ ঘটা নাছিল |”(মোৰ সোঁৱৰণী,পৃষ্ঠা-১৮) | এদিন দিন বাৰ চাই লক্ষ্মীনাথ বেজবৰুৱা,বসন্ত কুমাৰ গোস্বামী আৰু দাৰকেশ্বৰ শৰ্মাৰ সৈতে শিৱসাগৰৰ পৰা জাহাজত কলিকতা অভিমুখে যাত্ৰা কৰিলে|
জাহাজত লগ পালে বিখ্যাত অসমীয়া সদাগৰ হৰিবিলাস আগৰৱালাক |তিনিদিন দুৰাতিৰ জাহাজ যাত্ৰাৰ অন্তত গোৱালণ্ড ঘাটত নামি ৰেলেৰে কলিকতালৈ গ‘ল |কলিকতাৰ মিৰ্জাপুৰত ষ্ট্ৰিটৰ ৬৭ নং দুমহলীয়া পকীঘৰলৈ গৈ পদ্মনাথ হতে তাতে থকা ছাত্ৰ বেনুধৰ ৰাজখোৱাক লগ ধৰি থকাৰ ব্যৱস্থা কৰে | পিছত প্ৰত্যেকে ভাগে ভাগে মেচ বিচাৰি ল‘লে ||
মেচ থিক হোৱাৰ পিছত পদ্মনাথৰ সমস্যা হ‘ল কলেজ আৰু বিষয় নিৰ্বাচনৰ ক্ষেত্ৰত | প্ৰবীন ছাত্ৰ সকলৰ লগত নানান আলোচনা কৰি পদ্মনাথে ইংৰাজী,লেটিন,গনিত আৰু ন্যায়শাস্ত্ৰ আদি বিষয় লৈ ৰিপন কলেজৰ এফ.এ মহলাত নাম ভৰ্ত্তি কৰে |কিন্তু কলেজৰ লগত পদ্মনাথৰ ৰাহি যোৰা নাহিল;লেটিন ভাষাৰ শ্ৰেনীত একো বুজি নপোৱাৰ বাবে বেলেগ কলেজলৈ মন মেলিলে |লেটিন ভাষা শিকাৰ বাবে পদ্মনাথে দুমাহৰ পিচত “চেন্ট জেভিয়াৰ্চ কলেজ“ ত নাম ভৰ্ত্তি কৰে|সেই কলেজত পদ্মনাথে কেইবাজনো পণ্ডিতক লগ পোৱাত পঢ়াত মন বহে কিন্তু তাতো শেষত ৰাহি নাহিল আৰু এফ.এ পাছ কৰা নহ‘ল|অৱশ্যে পদ্মনাথে ডিগ্ৰী নকৰিলেওঁ বহু দিশৰ জ্ঞান পালে |||
ক্ৰমশ...................
সমল পুথি-”সাহিত্যকাণ্ডাৰী পদ্মনাথ''
চৰকাৰী কাৰণত বৃত্তিৰ ধন নাপালে যদিও মৌজাদাৰ ঘিনাৰামে পুত্ৰক উচ্চ শিক্ষা দিবলৈ পিছ হোঁহকা নাছিল |পিতৃৰ বিষয়ে পদ্মনাথে লিখি গৈছে-“মই বিদ্যোত্সাহী পিতৃ দেউতাৰ আৰ্জিত অৰ্থৰ বৃত্তি দানেৰেহে কলিকতীয়া কলেজত অধ্যয়ন কৰিব লগা হ‘ল | মোৰ উদাৰচিতীয়া পিতৃ দেউতা যদ্যপি ইংৰাজী জনা শিক্ষিত লোক নাছিল,তথাপি প্ৰতি তেখেতৰ অসাধাৰণ ধাউতি থকাৰ হেতুকে মই কলেজীয়া জীৱনত আৰ্থিক অভাবত পৰিব লগা নহৈছিল,তেখেতে মোলৈ মাহেকীয়া জলপাণি ধন পঠিওৱা নিয়মত অকনো হেৰফেৰ ঘটা নাছিল |”(মোৰ সোঁৱৰণী,পৃষ্ঠা-১৮) | এদিন দিন বাৰ চাই লক্ষ্মীনাথ বেজবৰুৱা,বসন্ত কুমাৰ গোস্বামী আৰু দাৰকেশ্বৰ শৰ্মাৰ সৈতে শিৱসাগৰৰ পৰা জাহাজত কলিকতা অভিমুখে যাত্ৰা কৰিলে|
জাহাজত লগ পালে বিখ্যাত অসমীয়া সদাগৰ হৰিবিলাস আগৰৱালাক |তিনিদিন দুৰাতিৰ জাহাজ যাত্ৰাৰ অন্তত গোৱালণ্ড ঘাটত নামি ৰেলেৰে কলিকতালৈ গ‘ল |কলিকতাৰ মিৰ্জাপুৰত ষ্ট্ৰিটৰ ৬৭ নং দুমহলীয়া পকীঘৰলৈ গৈ পদ্মনাথ হতে তাতে থকা ছাত্ৰ বেনুধৰ ৰাজখোৱাক লগ ধৰি থকাৰ ব্যৱস্থা কৰে | পিছত প্ৰত্যেকে ভাগে ভাগে মেচ বিচাৰি ল‘লে ||
মেচ থিক হোৱাৰ পিছত পদ্মনাথৰ সমস্যা হ‘ল কলেজ আৰু বিষয় নিৰ্বাচনৰ ক্ষেত্ৰত | প্ৰবীন ছাত্ৰ সকলৰ লগত নানান আলোচনা কৰি পদ্মনাথে ইংৰাজী,লেটিন,গনিত আৰু ন্যায়শাস্ত্ৰ আদি বিষয় লৈ ৰিপন কলেজৰ এফ.এ মহলাত নাম ভৰ্ত্তি কৰে |কিন্তু কলেজৰ লগত পদ্মনাথৰ ৰাহি যোৰা নাহিল;লেটিন ভাষাৰ শ্ৰেনীত একো বুজি নপোৱাৰ বাবে বেলেগ কলেজলৈ মন মেলিলে |লেটিন ভাষা শিকাৰ বাবে পদ্মনাথে দুমাহৰ পিচত “চেন্ট জেভিয়াৰ্চ কলেজ“ ত নাম ভৰ্ত্তি কৰে|সেই কলেজত পদ্মনাথে কেইবাজনো পণ্ডিতক লগ পোৱাত পঢ়াত মন বহে কিন্তু তাতো শেষত ৰাহি নাহিল আৰু এফ.এ পাছ কৰা নহ‘ল|অৱশ্যে পদ্মনাথে ডিগ্ৰী নকৰিলেওঁ বহু দিশৰ জ্ঞান পালে |||
ক্ৰমশ...................
সমল পুথি-”সাহিত্যকাণ্ডাৰী পদ্মনাথ''
Friday, 21 September 2012
টিহু কলেজৰ কবিতা
তুমি আমাৰ জ্ঞানৰ মন্দিৰ.....
তোমাৰ কোলাতে আছে
আমাৰ ভবিষ্যত
তোমাৰ বুকুত আছে
আমাৰ সপোন..
তুমিয়ে আমাৰ প্ৰাণ
তোমাক জনালো প্ৰনাম |
আমাৰ জীৱন পথত
তুমিয়ে সৃষ্টি কৰিবা
নতুন দিগন্তৰ..
তুমি সঁচাকৈ আমাৰ আপোন..
তোমাতেই আছে বোধৰ মন্ত্ৰ
জীৱন যুঁজৰ আমোঘ অস্ত্ৰ
তুমি হেপাহৰ থলী
পোহৰ পথৰ পথিক আমি
তুমি জ্ঞানধাত্ৰী.........
তোমাৰ প্ৰেমৰ কিৰনেৰে
জগত পোহৰ হব
চেনেহী জননী মেধাৰ ৰাগিনী
মহান সাধনাৰ মহান পুন্যভুমি
“টিহু মহাবিদ্যলয়“ তুমি
তুমি সচাঁকৈ মহান
তোমাক জনাওঁ
শত্কৌটি প্ৰনাম
লেখক-দীপজৌতি শৰ্মা
স্নাতক প্ৰথম সাম্যহিক (বিজ্ঞান শাখা)
টিহু কলেজ;টিহু
আমাৰ সপোন..
তুমিয়ে আমাৰ প্ৰাণ
তোমাক জনালো প্ৰনাম |
আমাৰ জীৱন পথত
তুমিয়ে সৃষ্টি কৰিবা
নতুন দিগন্তৰ..
তুমি সঁচাকৈ আমাৰ আপোন..
তোমাতেই আছে বোধৰ মন্ত্ৰ
জীৱন যুঁজৰ আমোঘ অস্ত্ৰ
তুমি হেপাহৰ থলী
পোহৰ পথৰ পথিক আমি
তুমি জ্ঞানধাত্ৰী.........
তোমাৰ প্ৰেমৰ কিৰনেৰে
জগত পোহৰ হব
চেনেহী জননী মেধাৰ ৰাগিনী
মহান সাধনাৰ মহান পুন্যভুমি
“টিহু মহাবিদ্যলয়“ তুমি
তুমি সচাঁকৈ মহান
তোমাক জনাওঁ
শত্কৌটি প্ৰনাম
লেখক-দীপজৌতি শৰ্মা
স্নাতক প্ৰথম সাম্যহিক (বিজ্ঞান শাখা)
টিহু কলেজ;টিহু
Subscribe to:
Posts (Atom)

