Thursday 7 February 2013

টিহু কলেজৰ তুমি অনামিকা


তুমি টিহু কলেজৰ
অনামিকা কলিতা
অনামিকা তুমি আবিহনে
মৌন হৈ পৰে
কলেজ কেম্পাছ
অসমীয়া ডিপাৰ্টমেন্টৰ
ছোৱালী তুমি
তোমাৰ কথা বোৰতেই
ই প্ৰেমত পৰো...
তুমি বহুদিন পদাৰ্পন কৰা নাই
টিহু কলেজৰ
গাৰ্লছ কমন ৰুমত
তুমি নাহিলে
মৌন হয়
চাইকেল ষ্টেণ্ড
আৰু কলীয়া ডাৱৰে
আবৰি ৰাখে কলেজ
যেন, এজাক বৰষুণ আহিব
অকলশৰীয়া বৰষুণ
য‘ত উছুপি উঠিব
আমাৰ দৰে প্ৰেমিকৰ হৃদয়..
অনামিকা........
ফাগুন আহাৰ দৰে
তুমিও আহিবা কিন্তু
এজাক পছোৱা হৈ
যৌৱন প্ৰাপ্ত হৈ উঠিব কলেজ
তুমি আহিবা কিন্তু
অনামিকা কলিতা
কুশলে আছা টো ||
উপস্থাপক- দীপজ্যৌতি শৰ্মা

No comments:

Post a Comment