Thursday 7 February 2013

পখিলা

শূণ্যতা খেদি খেদি
ভাগৰি পৰা
মই এটা বিষাদগ্ৰস্ত পখিলা
শূণ্যতাৰ পৃথিৱীত
বিষাদ ফুলৰ
মৌ খোৱা আনন্দ
এজাক ৰঙা নীলা
পখিলা হৈ
মৰো উৰিবৰ মন আছে
মুকলি আকাশৰ তলত
কিন্তু,প্ৰতাৰনাৰ বলি
এই বিষাদ নামৰ
ফুলটিৰ..||
উপস্থাপক-  দীপজ্যৌতি শৰ্মা

No comments:

Post a Comment