Saturday, 15 September 2012

পদ্মনাথ গোহাঞি বৰুৱাৰ ইটো-সিটো 2



 আগৰ সংখ্যাৰ পৰা......
 সেই সময়ত শিৱ্সাগৰ হাইস্কুলৰ প্ৰধান শিক্ষক আছিল পদ্মনাথৰ পৰম পুজনীয় শিক্ষাগুৰুচন্দ্ৰ মোহন গোস্বামী |চন্দ্ৰ মোহন গোস্বামী আছিল প্ৰখ্যাত ইংৰাজী শিক্ষক |পদ্মনাথৰ গুৰু ভক্তিৰ এটা মনোৰম কাহিনী আছে |পদ্মনাথ প্ৰথম শ্ৰেনী পাওঁতেই (বৰ্তমানৰ দশম শ্ৰেনী) প্ৰধান শিক্ষক গোস্বামী নাগাপাহাৰৰ কহিমা গৱৰ্ণমেন্ট হাইস্কুললৈ বদলি হয় | ‘পৰম পূজনীয় গুৰুৰ স্থান পৰিবৰ্তন হল আৰু শ্ৰেনীত একেবাৰে মন নবহা হ|এই ঘটনাৰ বিষয়ে ভিনদেউৱেকক কোৱাত,ভিনিদেউৱেকে দেউতাকৰ লগত আলোচনা কৰি কহিমালৈ যোৱাৰ ব্যৱস্থা কৰি দিয়ে |তিনি জন লগৰীয়াৰ সৈতে খোজকাঢ়ি,হাতী,ঘোৰাত উঠি অৱশেষত কহিমা পালে আৰু গোস্বামীৰ ভৰিত পৰি মনৰ ইচ্ছা পূৰন কৰিলে | গোস্বামীয়ে পদ্মনাথৰ গুৰুভক্তি দেখি তবধ মানিলে |পদ্মনাথে এই সম্পৰ্কে লিখিছে মই ঘোৰাৰ পৰা নামিয়েই গুৰুদেৱৰ চৰণত প্ৰণিপাত জনালো |মোক অকস্মাত্‍ দেখি প্ৰভুৱে চিঞৰি উঠিল হাঁ ই কি ? হাঁ ই  কি পদ্ম
মই চৰণ এৰি প্ৰভুৰ মুখলৈ চালোঁ |চাৰি চকুৰ মিলনত ক্ষন্তেক মান ঠৰ লাগিলোহঁক;আনন্দত দুয়োৰে চকু চল-চলীয়া হ“|(মোৰ সোঁৱৰণী,পৃষ্ঠা ১৭) |এয়া হল পদ্মনাথৰ অচলা গুৰুভক্তিৰ অপূৰ্ব নিদৰ্শন |

    কহিমা হাইস্কুল তেতিয়া নামতহে হাইস্কুল;অৱস্থা একেবাৰে শোচনীয় |লম্বোদৰ বৰা এই স্কুলৰ প্ৰথম হেডমাষ্টৰ | পদ্মনাথে কহিমা হাইস্কুলৰ প্ৰথম শ্ৰেনীত নামভৰ্তী কৰি আঠ মাহ পঢ়ে আৰু বাছনী পৰিক্ষাত উত্তীৰ্ণ হৈ এন্ট্ৰেছ পৰীক্ষাৰ বাবে সাজু হয় |তেওঁ পৰীক্ষা দিব ডিব্ৰুগড়লৈ আহিব লগা হ|ডিব্ৰুগড়লৈ আহোঁতে আকৌ আগৰ বিলাই-বিপত্তি,সময় লাগে ১৫ দিন |১৫ দিন পঢ়শুনা অলপো নহ| জাহাজত আহোতে দুজন পৰী্ক্ষা্ৰ্থী লগ পালে তেওঁলোকৰ আলোচনা বোৰ মনে মনে শুনি থাকি কিছু লাভৱান হয় |তেওঁলোক দুগৰাকী হল স্বনামধন্য দুৰ্গাধৰ বৰকটকী আৰু লক্ষেশ্বৰ শৰ্মা | পদ্মনাথে আশেষ কষ্টেৰে ডিব্ৰুগড়ৰ পৰীক্ষা কেন্দ্ৰত  ১৮৯০ চনৰ এন্ট্ৰেঞ্চ পৰীক্ষাত বহে আৰু তৃতীয় বিভাগত উত্তীৰ্ণ হৈ নগা পাহাৰৰ প্ৰথম পাছ কৰোতা হয় | সেইবাবে তেওঁ বিশেষ পৰ্বতীয়া বৃত্তি(special hill scholarship) পোৱাৰ যোগ্য হৈছিল কিন্তু কিবা চৰকাৰী কাৰনত নাপালে |

ক্ৰমশ........

No comments:

Post a Comment