Monday, 10 September 2012

.........শৰত্‍ .........

কহুৱা বন দেখিলে..
উফন্দি উঠে মন......
বতাহত,নাছি বাগি
শৰত্‍ অহাৰ বাতৰি দিলে
কহুৱা জাকে.........
শেৱালীয়ে সেউজীয়া দলিচাত আকে...
শৰত্‍ত ছবি......
ৰাতিপুৱাৰ কোমল ৰ‘দত.....
মুকুতাৰ নিছিনা দেখি
শৰত্‍ৰ নিয়ৰৰ টোপালক....


মোৰ প্ৰেমত পৰিবৰ মন
শৰত্‍ৰ প্ৰেমত আনকি ধুনীয়া ছোৱালীৰ প্ৰেমতো
আমি শৰত্‍ৰ বুকুত ঘৰ সাজিম.....
শেৱালীৰ দৰে শুভ্ৰ হব ঘৰ....
সাৰদীয় জোনাকৰ দৰে
উজ্জ্বল হব......
আমাৰ মন চঞ্চল হব কহুৱাৰ দৰে...
নিয়ৰেও আমাক জনাব আদৰনি
কিন্তু সপোন ফলিব কেতিয়া ?
ফাগুনৰ ৰঙা পলাশৰ দৰে
হব মোৰ সপোন......
মনক খুন্দিয়াই,
পচোৱা বতাহে উৰুৱাই নিব
মোৰ সপোনক বহু দুৰলৈ.....
আকৌ,আহিব শৰত্‍
কহুৱা জাক হব চঞ্চলা...
শেৱা্লীয়ে আকিব শৰত্‍ৰ চিত্ৰ

মোৰ মনত গজি উঠিব
এক প্ৰেমৰ সপোন.....শৰত্‍ সচাঁকৈ তুমি প্ৰকৃতিৰ ৰানী
প্ৰেমৰ ঋতু........

No comments:

Post a Comment