Sunday, 22 July 2012

পদ্মনাথ গোহাঞি বৰুৱাৰ ইটো সিটো.....................

পদ্মনাথ গোহাঞি বৰুৱাৰ ইটো-সিটো

পদ্মনাথ গোহাঞি বৰুৱা আৰু অসম সাহিত্য সভা স্ব-মহিমাৰে দুয়ো প্ৰোজ্জ্ব্ল |সৰুৰে পৰাই সাহিত্য সভা আৰু জীৱ্নী পঢ়ি ভালপাও।এই দুই ভালপোৱাৰ সংযোগই হ'ল "সাহিত্য কাণ্ডাৰী পদ্মনাথ"ৰ আধাৰ | সাহিত্য সভাৰ প্ৰথম সভাপতি গোহাঞি বৰুৱাৰ জীৱ্ন-চৰিত অধ্যয়্ন কৰি
তেখেতৰ বিষয়ে ছাত্ৰ-ছাত্ৰী সকলক জানিব দিয়াৰ লগতে নিজেও কিছু জনাৰ লগতে নিজেও কিছু জনাৰ আগ্ৰ্হৰ ফলৰ বাবে এই লিখনিৰ জন্ম |হত্যা,দূৰ্নীতি মাজত থাকি আমি কেৱল টকা গোটোৱাতেই ব্যস্ত;কাৰোবাৰ ভাত্খোৱা-মাছখোৱা কথা পঢ়িবলৈ সময় নাই |সেয়েহে জাতীয় জীৱনৰ বিখ্যাত লোক সকলৰ জীৱনী আজি নতুন প্ৰজন্মৰ বাবে দুৰ্লভ |


পদ্মনাথ গোহাঞি বৰুৱা অসমীয়া ৰাইজৰ চিনাকি নাম,পদ্মনাথৰ জন্ম হৈছিল উত্তৰ লক্ষীমপুৰ নকাৰী গাৱত,১৭৯৩ শক(ইং১৮৭১ চন) ৰ ২৯ আঘোন মঙলবাৰে | পিতৃ ঘিনাৰাম গোহাঞি বৰুৱা আৰু মা লম্ভী দেবী |ঘিনাৰামৰ দুগৰাকী পত্নী;তাৰে দ্বিতীয় গৰাকী লম্ভী দেবীৰ পুত্ৰ পদ্মনাথ |ঘিনাৰাম মৌজাদাৰ আছিল |মৌজাদাৰৰ লৰা হিচাপে কোনো দুখ নোপোৱকৈয়ে ডাঙৰ দীঘল হৈছিল |বায়েক মাহিন্দ্ৰীৰ মৰমত পাৰ হৈছিল তেওৰ শৈশৱ |সাত বছৰ বয়সত তেও দেউতাকৰ সহায়্ত পঢ়া আৰাম্ভ কৰিছিল |পদ্মনাথক ৮ বছৰ বয়সত ১৮০১ শকৰ আঘোণ মাহত পাণীন্দ্ৰ নাথ গগৈৰ সৈতে চহৰৰ প্ৰাথমিক বিদ্যালয়ত নাম লগাই দিয়ে |এশমান ছাত্ৰ থকা বিদ্যালয়ত এজনে মথো শিক্ষক পুহিৰাম দেৱ শৰ্মা |পুহিৰাম দেৱ শৰ্মা অৱ্সৰ পোৱাত গোৱালপাৰাৰ বিশ্বনাথ সৰকাৰ নামৰ এজন নতুন পণ্ডিত আহে |তেখেত অংকৰ ভাল শিক্ষক আছিল ।সেই সময়তে বিদ্যালয় খন প্ৰাথমিকৰ পৰা মাইনৰলৈ উন্নিত হোৱাত পদ্মনাথ হতে বঙ্গলা ছাত্ৰ-বৃত্তি পঢ়িব পৰা হৈছিল |সেই কালত বিদ্যালয় সমূহত ছাত্ৰ বৃত্তি পৰ্যায়ৰ কিতাপ বোৰ বঙলা ভাষাৰ আছিল |উত্তৰ লক্ষীমপুৰৰ সেই বিদ্যালয়ত পঢ়ি থাকোতেই পদ্মনাথ-পাণীন্দ্ৰ নাথৰ সাহিত্য চৰ্চা আৰাম্ভ হয় আৰু পদ্ম-পাণি ৰচনা কৰাৰ উপৰিও কাকত আলোচনীত কবিতা,প্ৰবন্ধ প্ৰকাশ হৈছিল |

মজলীয়া শিক্ষা শেষ কৰি পদ্মনাথ হাইস্কুলীয়া শিক্ষাৰ বাবে শিৱ্সাগৰলৈ যাত্ৰা কৰে |শিৱসাগৰৰ হাইস্কুলত পঢ়িবলৈ গৈ এটা সমস্যাৰ সন্মুখীন হয় |তেতিয়া পদ্মনাথৰ বয়স ১৪ বছৰ |হাইস্কুলৰ একেবাৰে তলৰ শ্ৰেণীৰ পৰা পঢ়িব লাগিলে বহু বছৰ পঢ়িব লাগে আৰু মাজৰ শ্ৰেণীৰ পৰা আৰাম্ভ কৰিবলৈও ইংৰাজীৰ জ্ঞান শূণ্য ;বঙলা ছাত্ৰ বৃত্তি পঢ়ি অহা বাবে ইংৰাজীৰ জ্ঞান একোৱে নাই |এনে অৱস্থাত পৰি ভিনিহিয়েকৰ পৰামৰ্শ মতে ঘৰতে ছমাহ মান ইংৰাজী শিকি হাইস্কুলৰ মাজ শ্ৰেনীৰ পৰা পঢ়া আৰাম্ভ কৰে | কিন্তু ইংৰাজীৰ জ্ঞান কম বাবে লগৰ ছাত্ৰ সকলৰ লগত মিলিব নোৱাৰাত পিছলৈ পঢ়াৰ উদ্যম ও নহোৱা হয় |সেই সময়ত মৌজাদাৰ বিলাক চাৰ্ভে পৰীক্ষাত উত্তীৰ্ণ হব লাগে বুলি নতুন নিয়ম ওলাই |কিন্তু সেইসময়ত ঘিনাৰামৰ পৰীক্ষা দিয়াৰ মানসিক প্ৰস্তুতি নথকাটো স্বাভাবিক | নতুন নিয়ম পাই পদ্মনাথে সন্তোস পালে আৰু চাৰ্ভে পঢ়ি দেউতাকক আজৰাই দিয়াৰ চিন্তা কৰিলে |পদ্মনাথে স্কুল বাদ দি শিৱ্সাগৰত মৌজাদাৰী স্কুলত নাম লগালে | সেই স্কুলত শিক্ষক হিচাপে পালে মজলীয়া বিদ্যালয়ৰ নীলকান্ত তালুকদাৰ |তালু্কদাৰৰ তলত পঢ়ি এবছৰৰ ভিতৰত সুখ্যাতিৰে উত্তীৰ্ণ হৈ নিজ গাওঁৰ নকাৰীলৈ যোৱাৰ আয়োজন কৰিলে |পূৰ্বৰ অভিজ্ঞতাৰ ভিত্তিত ঘিনাৰামে চাৰ্ভে পৰীক্ষাত উত্তীৰ্ণ নহোৱাকৈ মৌজা চলাবলৈ চৰকাৰী অনুমতি লাভ কৰে | সেই খবৰ পাই বিদ্যোত্‍সাহী ভিনিহিয়েকে মৌজাদাৰ হোৱাৰ পৰা পদ্মনাথক আতৰাই আনি শিৱসাগৰ হাইস্কুলৰ তৃতীয় শ্ৰেনীত(বৰ্তমানৰ অষ্টম শ্ৰেণী) পুনৰ নাম লগাই দিয়ে |চাৰ্ভে পঢ়া সময়ত স্কুলৰ কাষতে থকা এগৰাকী পাদ্ৰী আৰু তেওঁৰ পত্নীৰ লগত বন্ধুত্ব গঢ়ি উঠে |সেই বন্ধুত্বৰ সুযোগতে পদ্মনাথে তেওঁলোকক অসমীয়া আৰু পদ্মনাথক তেওঁলোকে ইংৰাজী শিকাই |পদ্মনাথৰ ইংৰাজীত জ্ঞান বেছি হয় আৰু ইংৰাজীত ভাল নম্বৰ পাবলৈ সক্ষম হয় |
ক্ৰমশ...........



উপস্থাপক--দীপজৌতি শৰ্মা                                                                                                 দিনাংক-২ চেপ্তেম্বৰ 

No comments:

Post a Comment