Wednesday, 25 July 2012

আজিৰ এচাম যুব প্ৰজন্ম..........................................

একবিংশ শতিকাৰ যোগাযোগৰ জনপ্ৰিয় আহিলা মোবাইল ফোন আৰু ফেচবুক | য'ত তাহানিৰ চিঠিৰ  ভাষাবোৰ প্রাণ পাই উঠে | ফেচবুক,মোবাইল ফোনৰ বিৰুপ প্ৰভাৱ ও আমাৰ নতুন প্ৰজন্মৰ ওপৰত পৰিছে | মোবাইল,ফেচবুকত এচাম নতুন প্ৰজন্ম এনেভাৱে আক্ৰান্ত হৈছে ফেচবুক যেন তেওলোকৰ সৰ্বস্ব,হকে বিহকে ভুৱা একাউন্ট খুলি অশ্লীল আলাপ,অশ্লীল ফটো আদান প্ৰদান কৰে,একবিংশ শতিকাত ফেচবুক হ’ল আধুনিকতাৰ পৰিচয় |দিনটোৰ বেছিভাগ সময় ফেচবুকত নিচাযুক্ত হৈ থাকে আমাৰ এচাম যুবপ্ৰজন্ম | এখন সমাজৰ অংশ হৈও এওলোক যেন নিজৰ সমাজৰ দায়িত্ব তথা কৰ্তব্য সন্দৰ্ভত উদাসীন,এয়া জানো শুভ লক্ষণ ?কিছুমানে এটা মোবাইলৰ বাবে মাক-দেউতাকৰ লগত কজিয়া কৰে,নিজে দুখত থাকি ও মোবাইল দিব লগা হৈ লৰা-ছোৱালীক,এইও আমাৰ এইখন সমাজৰে ঘটনা |এচাম নতুন প্ৰজন্মই আজি চকু থাকিও অন্ধ |সমাজৰ পৰা আতৰি মোবাইল তথা অন্য আহিলাৰ স্ক্ৰিনত দুচকু ৰাখিলে আমি পাৰিম দূখীয়া খেতিয়ক,ফুট্পাথৰ অঘৰী অথবা বানত ডুব গৈ থকা সকলৰ দুখৰ সমভগী হবলৈ,আমি সচাকৈ দুৰ্ভগীয়া নহয় নে? আমি নিজকে যান্ত্ৰিক ভাবে ব্যস্ত থাকি সাহিত্যৰ পাত লুটিয়াই হীৰু দা অথবা মামনি বাৰ কবিতা,লেখনিৰ ৰসপানৰ পৰা নিজকে বঞ্চিত কৰো |সচাকৈয়ে ব্যৰ্থ তেনে জীৱন য’ত ভূপেনদাৰ গীত গুন্গুনাই জীৱনৰ অমৃত সুধা পান কৰিবলৈ অৱ্কাশ নাই |












উপস্থাপক- দীপজৌতি শৰ্মা                                                                             দিনাংক-২৫ জুলাই

No comments:

Post a Comment